সৰ্প দংশনৰ বিচিত্ৰ অভিজ্ঞতাৰ এটা সংক্ষিপ্ত বৰ্ণনা _____
যোৱা ২৩ জুন তাৰিখে আমাৰ ঘৰৰ ওচৰৰ পুখুৰীৰ পাৰত মোৰ মাজুভাইটিক এডাল বিসাক্ত সৰ্পই দংশন কৰিছিল ৷ লগে লগে
ভাইটিক ৰঙিয়াৰ স্বস্তি মেডিকেলত ভৰ্ত্তি কৰালো ৷ মেডিকেলত ডা° মিতুল দাসৰ তত্ত্বাৱধানত চিকিৎসা আৰম্ভ হল ৷ সেইদিনা ভাইটিক ১০ টা এন্টিভেনাম ইনজেকচন দিয়া হল ৷ লাহে লাহে সি সুস্থ হৈ সুঠিল ৷ প্ৰায় ২৪ ঘন্টাৰ পিছত আমি তাক ঘৰলৈ লৈ আহিলো ৷ এই সন্দৰ্ভতমই যোৱা ২৪ জুন তাৰিখে এটা ফেচবুক পোষ্ট দিছিলো ৷ প্ৰায় ৩৬ ঘন্টা মোৰ ভাইটিয়ে ঘৰত সুস্থ ভাৱে থাকিল ৷ ভালদৰে খোৱা লোৱা কৰিলে ৷ ইয়াৰ পিছত এটা ডাঙৰ অঘটন হল ৷ হঠাৎ যোৱা ২৫ জুন তাৰিখে ৰাতি ১২ বজাত ভাইটিৰ পুনৰ বিষক্ৰিয়া আৰম্ভ হল ৷ আমাৰ ঘৰত সেইদিনা এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হল ৷ সি একেবাৰে অচেতন হৈ পৰিল ৷ আমাৰ গাৱৰ দাদা খুৰা হতে ভাইটিক ততাতৈয়াকৈ অক্সিজেন নোহোৱাকৈ এখন মাৰুতি ভেনত পুনৰ স্বস্তি মেডিকেললৈ লৈ গল ৷ সেই সময়ত এম্বুলেন্সত ফোন কৰি একো সহাৰি নাপালোঁ ৷ মেডিকেলত তাৰ চিকিৎসা আৰম্ভ হল ৷ এইবাৰ তাক ৩০ টা এন্টিভেনাম ইনজেকচন দিয়া হল ৷ ইয়াৰ পিছতো সি ভালদৰে সুস্থ হৈ উঠা নাই ৷ ২৬ তাৰিখে আবেলি মোৰ ভাই বোৱাৰীৰ ককায়েক তথা প্ৰতিদিন টাইমৰ বিশিষ্ট সাংবাদিক অমৰেন্দ্ৰ ডেকাই অসমৰ বিখ্যাত সৰ্প চিকিৎসক ডা° সুৰজিত গিৰিৰ লগত টেলিফোনেৰে যোগাযোগ কৰিলে ৷ গিৰি ছাৰ আৰু মিতুল দাস ছাৰৰ যুটীয়া প্ৰচেষ্টাত ৰাতিলৈ ভাইটি অলপ সুস্থ হল ৷ গিৰি ছাৰৰ মতে দংশন কৰা সৰ্পডাল common krait আৰু অসমীয়াত সংখশুৰ বুলি কোৱা হয় ৷ এই সৰ্পডালৰ বিষক্ৰিয়া প্ৰায় ৭২ঘন্টা থাকে ৷ যাহক গিৰি ছাৰ ; দাস ছাৰ আৰু স্বস্তি মেডিকেলৰ সমুহ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ অক্লান্ত প্ৰচেষ্টাত মোৰ ভাইটি সুস্থ হৈ উঠিল ৷ আজি তাক ঘৰলৈ লৈ আহিলো ৷ আমাৰ পৰিয়ালে আটাইৰে ওচৰত চিৰকৃতজ্ঞ হৈ ৰলো ৷ ঈশ্বৰৰ কৃপাত আৰু আপোনোসবৰ আশীৰ্বাদ তথা কাকুতি মিনতিত মোৰ ভাইটিয়ে মৃত্যুমুখৰ পৰা মুক্ত হল ৷ সকলো শুভাকাংক্ষী তথা আপোনজনলৈ আমাৰ অকৃত্ৰিম সেৱা নিৱেদন কৰিছোঁ ৷ এই পোষ্টৰ দ্বাৰাই আপোনাসৱৰ ওচৰত সৰ্পদংশনৰ ক্ষেত্ৰত লবলগীয়া কেইটামান প্ৰাথমিক চিকিৎসা অবগত কৰিব বিচাৰিছোঁ ৷ এইখিনি বক্তব্য সন্মানীয় ডা°সুৰজিত গিৰি ছাৰৰ —
১) এম্বুলেন্সৰ বাবে ১০৮ নম্বৰত যোগাযোগ কৰক ৷
২) ব্যক্তিজনক লৰচৰ কৰিব নিদিব ৷ বেল্ট ; গহনা; ঘড়ী; আঙুঠি আদি খুলি দিয়ক অন্যথাই ঠাইডোখৰ ফুলি যাব পাৰে ৷
৩) এম্বুলেন্স অহাত পলম হলে ব্যক্তিজনক যিকোনো প্ৰকাৰে তৎক্ষনাত ওচৰৰ চিকিৎসালয়ত নিয়াৰ ব্যৱস্থা কৰক ৷
৪) ৰোগীজনক বাওফালে কাটি কৰি অনাৰ ব্যৱস্থা কৰক ৷
৫) চিকিৎসকক কথাবোৰ সম্পূৰ্ণৰুপে বিৱৰি কওক৷এন্টিভেনাম একমাত্ৰ চিকিৎসা ৷
৬) খোটা ঠাই ডোখৰ কাটি বা চুপিবলৈ চেস্টা নকৰিব ৷
৭) জৰাফুকা নকৰিব ৷ সাপটোক মাৰিবলৈ চেষ্টা নকৰিব
৮) কোনোধৰনৰ ৰছীৰে বান্ধোন নিদিব ৷
৯) কোনোধৰনৰ বনৌষধি ব্যৱহাৰ নকৰিব ৷
শেষত আপোনাসৱৰ সুবিধাৰ বাৱে দুটা ফোননম্বৰ আগবঢ়ালোঁ ৷
ডা°সুৰজিত গিৰি (9435056627)
ডা°মিতুল দাস (9971411991)
—-———————————————————-