treatment-for-animal-bites-and-snake-bites

In recent years, lots of people have been bitten by snakes at home and abroad. Considering their pain and suffering, snake bites are serious conditions that require the appropriate medical treatment. In order to prevent such incidents from occurring, the emergency and critical care department of a hospital must have the appropriate equipment, veterinary personnel and facilities required to treat them effectively.  Our Emergency and Critical Care Department has improved their care for snake bite and animal bites by employing safe practices, reviewing information regarding the anatomy of these injuries and what to expect with an animal bite or snake bite. The department is also working to increase awareness of the importance of proper identification, receiving correct treatment as soon as possible and follow up visits to ensure our patients receive proper care.

Click Here

What snake bite patients suffer; how a snake biten’s family members experience the recovery period – All about these are in the below  Facebook post.

সৰ্প দংশনৰ বিচিত্ৰ অভিজ্ঞতাৰ এটা সংক্ষিপ্ত বৰ্ণনা _____
যোৱা ২৩ জুন তাৰিখে আমাৰ ঘৰৰ ওচৰৰ পুখুৰীৰ পাৰত মোৰ মাজুভাইটিক এডাল বিসাক্ত সৰ্পই দংশন কৰিছিল ৷ লগে লগে ভাইটিক ৰঙিয়াৰ স্বস্তি মেডিকেলত ভৰ্ত্তি কৰালো ৷ মেডিকেলত ডা° মিতুল দাসৰ তত্ত্বাৱধানত চিকিৎসা আৰম্ভ হল ৷ সেইদিনা ভাইটিক ১০ টা এন্টিভেনাম ইনজেকচন দিয়া হল ৷ লাহে লাহে সি সুস্থ হৈ সুঠিল ৷ প্ৰায় ২৪ ঘন্টাৰ পিছত আমি তাক ঘৰলৈ লৈ আহিলো ৷ এই সন্দৰ্ভতমই যোৱা ২৪ জুন তাৰিখে এটা ফেচবুক পোষ্ট দিছিলো ৷ প্ৰায় ৩৬ ঘন্টা মোৰ ভাইটিয়ে ঘৰত সুস্থ ভাৱে থাকিল ৷ ভালদৰে খোৱা লোৱা কৰিলে ৷ ইয়াৰ পিছত এটা ডাঙৰ অঘটন হল ৷ হঠাৎ যোৱা ২৫ জুন তাৰিখে ৰাতি ১২ বজাত ভাইটিৰ পুনৰ বিষক্ৰিয়া আৰম্ভ হল ৷ আমাৰ ঘৰত সেইদিনা এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হল ৷ সি একেবাৰে অচেতন হৈ পৰিল ৷ আমাৰ গাৱৰ দাদা খুৰা হতে ভাইটিক ততাতৈয়াকৈ অক্সিজেন নোহোৱাকৈ এখন মাৰুতি ভেনত পুনৰ স্বস্তি মেডিকেললৈ লৈ গল ৷ সেই সময়ত এম্বুলেন্সত ফোন কৰি একো সহাৰি নাপালোঁ ৷ মেডিকেলত তাৰ চিকিৎসা আৰম্ভ হল ৷ এইবাৰ তাক ৩০ টা এন্টিভেনাম ইনজেকচন দিয়া হল ৷ ইয়াৰ পিছতো সি ভালদৰে সুস্থ হৈ উঠা নাই ৷ ২৬ তাৰিখে আবেলি মোৰ ভাই বোৱাৰীৰ ককায়েক তথা প্ৰতিদিন টাইমৰ বিশিষ্ট সাংবাদিক অমৰেন্দ্ৰ ডেকাই অসমৰ বিখ্যাত সৰ্প চিকিৎসক ডা° সুৰজিত গিৰিৰ লগত টেলিফোনেৰে যোগাযোগ কৰিলে ৷ গিৰি ছাৰ আৰু মিতুল দাস ছাৰৰ যুটীয়া প্ৰচেষ্টাত ৰাতিলৈ ভাইটি অলপ সুস্থ হল ৷ গিৰি ছাৰৰ মতে দংশন কৰা সৰ্পডাল common krait আৰু অসমীয়াত সংখশুৰ বুলি কোৱা হয় ৷ এই সৰ্পডালৰ বিষক্ৰিয়া প্ৰায় ৭২ঘন্টা থাকে ৷ যাহক গিৰি ছাৰ ; দাস ছাৰ আৰু স্বস্তি মেডিকেলৰ সমুহ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ অক্লান্ত প্ৰচেষ্টাত মোৰ ভাইটি সুস্থ হৈ উঠিল ৷ আজি তাক ঘৰলৈ লৈ আহিলো ৷ আমাৰ পৰিয়ালে আটাইৰে ওচৰত চিৰকৃতজ্ঞ হৈ ৰলো ৷ ঈশ্বৰৰ কৃপাত আৰু আপোনোসবৰ আশীৰ্বাদ তথা কাকুতি মিনতিত মোৰ ভাইটিয়ে মৃত্যুমুখৰ পৰা মুক্ত হল ৷ সকলো শুভাকাংক্ষী তথা আপোনজনলৈ আমাৰ অকৃত্ৰিম সেৱা নিৱেদন কৰিছোঁ ৷ এই পোষ্টৰ দ্বাৰাই আপোনাসৱৰ ওচৰত সৰ্পদংশনৰ ক্ষেত্ৰত লবলগীয়া কেইটামান প্ৰাথমিক চিকিৎসা অবগত কৰিব বিচাৰিছোঁ ৷ এইখিনি বক্তব্য সন্মানীয় ডা°সুৰজিত গিৰি ছাৰৰ —
১) এম্বুলেন্সৰ বাবে ১০৮ নম্বৰত যোগাযোগ কৰক ৷
২) ব্যক্তিজনক লৰচৰ কৰিব নিদিব ৷ বেল্ট ; গহনা; ঘড়ী; আঙুঠি আদি খুলি দিয়ক অন্যথাই ঠাইডোখৰ ফুলি যাব পাৰে ৷
৩) এম্বুলেন্স অহাত পলম হলে ব্যক্তিজনক যিকোনো প্ৰকাৰে তৎক্ষনাত ওচৰৰ চিকিৎসালয়ত নিয়াৰ ব্যৱস্থা কৰক ৷
৪) ৰোগীজনক বাওফালে কাটি কৰি অনাৰ ব্যৱস্থা কৰক ৷
৫) চিকিৎসকক কথাবোৰ সম্পূৰ্ণৰুপে বিৱৰি কওক৷এন্টিভেনাম একমাত্ৰ চিকিৎসা ৷
৬) খোটা ঠাই ডোখৰ কাটি বা চুপিবলৈ চেস্টা নকৰিব ৷
৭) জৰাফুকা নকৰিব ৷ সাপটোক মাৰিবলৈ চেষ্টা নকৰিব
৮) কোনোধৰনৰ ৰছীৰে বান্ধোন নিদিব ৷
৯) কোনোধৰনৰ বনৌষধি ব্যৱহাৰ নকৰিব ৷
শেষত আপোনাসৱৰ সুবিধাৰ বাৱে দুটা ফোননম্বৰ আগবঢ়ালোঁ ৷
ডা°সুৰজিত গিৰি (9435056627)
ডা°মিতুল দাস (9971411991)
—-———————————————————-